ভোটগাঁও এবিএমছুৰ উদ্যোগত আন্তৰ্জাতিক সাক্ষৰতা দিৱস উদযাপন

 09/08/2019 - 16:10

কোকৰাঝাৰঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত আৰু দক্ষিণ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ভোটগাঁও জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণত আন্তৰ্জাতিক সাক্ষৰতা দিৱস উদযাপন কৰা হয়৷ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা আন্তৰ্জাতিক সাক্ষৰতা দিৱস উদযাপন কাৰ্যসূচীত কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ আজিজুৰ ৰহমান, কোকৰাঝাৰ সৰ্বশিক্ষা অভিযান মিছনৰ ডিপিঅ’ জাহাঙ্গীৰ হুছেইন, ভোটগাঁও জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ নিৰ্মল চৌধুৰী, এবিএমছুৰ কোকৰাঝাৰ জিলা সভাপতি জাইদুল ইছলাম, সাধাৰণ সম্পাদক আমিৰ আলী, কাৰ্যকৰী সভাপতি নজৰুল ইছলামকে ধৰি বহু শিক্ষক-শিক্ষয়িত্ৰীযে অংশগ্ৰহণ কৰি গুণগত শিক্ষাৰ ওপৰত ব্যাখ্যা আগবঢ়ায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।