09/08/2019 - 16:55
in
অভয়াপুৰীঃ অভয়াপুৰী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত ছাত্ৰক ছুৰিকাঘাত কাণ্ডৰ সৈতে জড়িত তিনি অভিযুক্তক জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়৷ আৰক্ষীয়ে দীপক হিন্দু, প্ৰণৱ কৰ্মকাৰ আৰু শুভাংকৰ ৰয়ক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত তিনিওকে জে’ললৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে মহাবিদ্যালয়খনৰ আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ সময়তে একাংশই উশৃংখল পৰিবেশৰ সৃষ্টি কৰি ছুৰিৰে ছাত্ৰক আক্ৰমণ কৰে৷
ঘটনাত কেইবাজন ছাত্ৰ আহত হ’বলগীয়া হয়৷ ঘটনাৰ পিছত মহাবিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ সদানন্দ নাথৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইন ১২০বি/৩২৬/৩০৭/৩৪ নং ধাৰাৰ অধীনত অভয়াপুৰী থানাত আৰক্ষীয়ে ৫৯৬/১৯ নং গোচৰ ৰুজু কৰে৷ ঘটনাৰ লগত জড়িত প্ৰণৱ কৰ্মকাৰ আৰু শুভাংকৰ ৰয় মহাবিদ্যালয়খনৰে ছাত্ৰ৷