হাইলাকান্দিত এনআৰচি তালিকাত বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ

 09/08/2019 - 17:26

হাইলাকান্দিঃ সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত হাইলাকান্দিত বাংলাদেশীৰ নাম সন্নিবিষ্ট হোৱাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি ২০১৩ চনত বাংলাদেশৰ পৰা পাছপ’ৰ্ট লৈ ভাৰতত প্ৰবেশ কৰা ব্যক্তিৰ নাম সন্নিবিষ্ট হৈছে এনআৰচি তালিকাত। ফৰিদুল হুচেইন লস্কৰ নামৰ ব্যক্তিগৰাকী ২০১৩ চনৰ ২১ ফেব্ৰুৱাৰীত প্ৰৱেশ কৰিছিল ভাৰতত। কিন্তু তাৰ পিছতো এনআৰচি তালিকাত আহিছে ফৰিদুলৰ নাম। তদুপৰি ২০১৩ চন আৰু তাৰ পিছত বহু কেইবাৰ ফৰিদুলৰ লগত ফাইজুৰ ৰহমান আৰু মকছুডা বেগম ভাৰত-বাংলাদেশলৈ অহা-যোৱা কৰিছে।

উল্লেখ্য যে এই দুই ব্যক্তি বাংলাদেশৰ নাগৰিক আৰু আচৰিতভাৱে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে ভোটাৰ তালিকাত। অভিযোগকাৰীৰ মতে বাংলাদেশী ফাইজুৰ ৰহমান আৰু মকছুডা বেগম যোৱা ১২ বছৰৰ পৰা বিপিএল কাৰ্ডৰ সুবিধা লাভ কৰি আছে। অভিযোগকাৰীৰ মতে এনআৰচিৰ প্ৰথম তালিকাত অন্তৰ্ভুক্ত হৈছিল বাংলাদেশী ফাইজুৰ ৰহমানৰ নাম আৰু আৰু অভিযোগ কৰাৰ পিছত তেওঁৰ ওপৰত আক্ৰমণ চলাইছিল ফৰিদুল ইছলামে।

এই সমগ্ৰ বিষয়ক কেন্দ্ৰ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে জিলা বিজেপি মণ্ডল সভাপতি মানৱ চক্ৰৱৰ্তীয়ে। তেওঁৰ মতে এনআৰচি প্ৰক্ৰিয়াত ব্যাপক খেলিমেলি হৈছে। এনআৰচিত দেশৰ মূল নাগৰিকসকলৰ নাম কৰ্তন কৰি বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি এনআৰচিৰ সন্দৰ্ভত পুনৰ বিবেচনা কৰি লাগে বুলি প্ৰকাশ কৰে মানৱ চক্ৰৱৰ্তীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।