হাউলীত যান-বাহন আইনৰ ওপৰত সজাগতা সভা সম্পন্ন

 09/08/2019 - 17:55

হাউলীঃ বৰপেটা জিলা সৰু মটৰ শ্ৰমিক ইউনিয়ন আৰু ই-ৰিক্সা চালক সন্থাৰ উদ্যোগত দেওবাৰে দিনৰ এঘাৰ বজাত যান-বাহন আইনৰ ওপৰত এখন সজাগতা সভা জিলা শ্ৰমিক ইউনিয়নৰ সভাপতি অমৰেন্দ্ৰে পাঠকৰ পৌৰোহিত্যত হাউলীস্থিত শ্ৰমিক ইউনিয়নৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত হয়| সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শ্ৰমিক নেতা তালেব আলীয়ে|

সভাত হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসে উপস্থিত থাকি যান-বাহন আইন আৰু নীতি-নিৰ্দেশনাৰ ওপৰত আলোকপাত কৰি বক্তব্য ৰখাৰ উপৰি হাউলী নগৰত চলি থকা ই-ৰিক্সা সমূহৰ কাগজ পত্র বিভাগীয় কৰ্তৃপক্ষৰ পৰা শীঘ্ৰে বনাবলৈ পৰামৰ্শ আগবঢ়ায় | উক্ত সভাত জিলা শ্ৰমিক নেতা কামৰুল ইছলামেও ভাষণ দিয়ে|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।