09/08/2019 - 18:40
in
লখিমপুৰঃ লখিমপুৰ জিলাৰ কদমত সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয়। দিনৰ ১ বজাৰ পৰা কদম তিনিআলি ৰংগমঞ্চত কেন্দ্ৰীয় সমিতিৰ সভাপতি আছাদুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হয় কাৰ্যনিবাহক সভা। সভাত ৮ খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
কাৰ্যনিৰ্বাহক সভাত মৰিয়া জাতিৰ বহুলোকৰ নাম এন আৰ চিৰ তালিকাত বাদ পৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে। অতি শীঘ্ৰে কোনো অসুবিধা নোহোৱাকৈ মৰিয়া জাতিৰ লোকক এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী এই কাৰ্যনিৰ্বাহক সভাত। কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ছামাদ আলি, যুটীয়া সম্পাদক জিকিৰ মৰিয়া, কাৰ্যকৰী সভাপতি চিৰাজুল ইছলাম উপস্থিত থাকে।