বৰপেটাঃ ৪২ বছৰত ভৰি দিছে অসম সাহিত্য সভাৰ অগ্ৰণী শাখা হিচাপে পৰিচিত কয়াকুছি শাখা সাহিত্য সভাই কয়াকুছিত কাৰ্যালয়ৰে পৰিচালিত আৰু ১৯৭৮ চনত স্থাপিত অসম সাহিত্য সভাৰ কয়াকুছি শাখাৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। তদুপলক্ষে পুৱা শাখাৰ সভাপতি ডাঃ আব্দুল কদ্দুছ শিকদাৰৰ দ্বাৰা উত্তোলন কৰা মূল পতাকাসহ মুঠ ৪১ খন পতাকা উত্তোলন কৰা হয়। ন গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা কয়াকুছি মহাবিদ্যালয় প্ৰাঙ্গনত গছপুলি ৰোপন কৰা হয়।
বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সামৰি চিত্ৰাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক আব্দুছ ছাত্তাৰ চৌধুৰীৰ সঞ্চালনাত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। শাখাৰ সভাপতি ডাঃ আব্দুল কদ্দুছ শিকদাৰৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয় আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখাৰ সম্পাদক নুৰ হুছেইনে। মুকলি সভাত কয়াকুছি সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদ, শংকৰ আজানৰ সচিব আব্দুল জলিল, শিক্ষক জয়নাল আবেদিন, শিক্ষক তালেবৰ ৰহমান, শিক্ষক ইয়াকুব আলীকে ধৰি বহুতো গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
মুকলি সভাত চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰৰ সৈতে দুগৰাকীকৈ প্ৰতিযোগীক নিচুকণি পুৰস্কাৰ, কবিতা আবৃত্তি প্ৰতিযোগিতাৰো প্ৰথম, দ্বিতীয়, তৃতীয় পুৰস্কাৰৰ সৈতে দুগৰাকীকৈ প্ৰতিযোগীক নিচুকণি পুৰস্কাৰ বিতৰণ কৰা হয়। পুৰস্কাৰত ট্ৰফী, প্ৰমাণ পত্ৰ আৰু কিতাপৰ টোপোলা আদি প্ৰদান কৰে উদ্যোক্তাসকলে। সন্ধিয়া বন্তি প্ৰজ্জ্বলনেৰে দিনযোৰা কাৰ্যসূচীৰ সামৰণি পৰে।