09/08/2019 - 18:58
in
চামগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সোঁৱৰিছে অসমীয়া জাতিৰ ধ্বজাবাহক স্বৰূপ ভাৰত ৰত্ন ভূপেন হাজৰিকাক। কিন্তু কেৱল জন্মজয়ন্তী বা মৃত্যু তিথি নহয়, নগাঁৱৰ এজন লোকে প্ৰত্যেক দিনাই সোঁৱৰে ভূপেন হাজৰিকাক। লোকজন নগাঁৱৰ বৈদ্যটোপৰ বিপুল কুমাৰ নাথ। প্ৰয়াত ভূপেন হাজৰিকাক নৱ প্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ লোকজনে নিজ হাতেৰে নিৰ্মাণ কৰে ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তি।
পেছাত এজন ই-ৰিক্সা চালক বিপুল নাথ। নিজৰ ই-ৰিক্সা খনতেই মূৰ্তি সমূহ নগাঁৱৰ ইমুৰৰ পৰা সিমুৰলৈ কঢ়িয়াই ফুৰে বিক্ৰীৰ বাবে। অতি কম মূল্যত লোকজনে ৰাইজক বিক্ৰী কৰে মূৰ্তিসমূহ। তেওঁৰ উদ্দেশ্য কেবল মূৰ্তি বিক্ৰী কৰি টকা উপাৰ্জন কৰাই নহয়, তেওঁ বিচাৰে ভাৰতৰত্ন ভূপেন হাজৰিকাক নৱপ্ৰজন্মৰ মাজত জীয়াই থকাটো। তেওঁ বিচাৰে ভূপেন হাজৰিকাৰ কালজয়ী গীত সমূহ যুগ যুগান্ত ধৰি নৱপ্ৰজন্মৰ মাজত জীয়াই থাকক।