বটদ্ৰৱাঃ দিনজোৰা কাৰ্যসূচীৰে বটদ্ৰৱাত উদযাপন কৰা হয় ড° ভূপেন হাজৰিকাৰ ৯৩ সংখ্যক ওপজা দিন। এই উপলক্ষে আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত পুৱাৰ ভাগত সুধাকন্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ আঁতধৰে অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সহযোগী আহ্বায়ক কন্দৰ্প কুমাৰ কলিতাই। বটদ্ৰৱা জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ গিৰিশ বৰুৱাই সুধাকন্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনৰ পিছতে উপস্থিত সকলোৱে পুষ্পাঞ্জলি অৰ্পন কৰে। জাতীয় জীৱনৰ কিম্বদন্তি স্বৰূপ শিল্পীসত্বাৰ পুৰোধা মহীয়ান সংগীত সূৰ্যৰ বৈচিত্ৰময় বৰ্ণিল জীৱন পৰিক্ৰমাৰ বিষয়ে আলোকপাত কৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই।
সম্পাদক হৰি নাৰায়ণ কোঁৱৰৰ পৰিবেশনত "মানুহে মানুহৰ বাবে" কালজয়ী গীতেৰে জীপাল হোৱা অনুষ্ঠানটিত আলিপুখুৰী শাখা সাহিত্য সভাৰ উপসভাপতি ইয়াচিন আলি, বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সভাপতি পদুম কলিতা, উপ সভাপতি দিব্যজ্যোতি বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকে। আনহাতে বটদ্ৰৱাৰ হাটিচোং শংকৰদেৱ চিত্ৰ কলা বিদ্যালয়তো সুধাাকন্ঠৰ জন্ম জয়ন্তী দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। ইয়াৰ পাছতে মুকলি সভাত ভূপেন হাজৰিকাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে শিল্পী ৰাজীৱ কলিতাই। অজিত চন্দ্ৰ বৰাই আঁত ধৰা অনুষ্ঠানটি শ্যামলী শইকীয়াকে প্ৰমুখ্যে কৰি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী অভিভাৱক-অভিভাৱিকা সকল উপস্থিত থাকে।