09/09/2019 - 13:52
in
নলবাৰীঃ নলবাৰীত শিক্ষা বিভাগত আচলতে হৈছে কি? শিক্ষাৰ পোহৰ বিলোৱা শিক্ষকসকল কিয় বাৰে বাৰে চৰকাৰী বঞ্চনাৰ বলি হয়? ৭ টা বছৰে পেন্সন অফিছৰ কাৰ্যালয়লৈ তাঁত-বাতি কাঢ়ি ভাগৰি পৰিছে নলবাৰীৰ এজন আদৰ্শবান শিক্ষক। নাম দুলাল সৰকাৰ। নিজ হাতে প্ৰতিষ্ঠা কৰা বিদ্যালয়ত ১৯৮৩ চনতে শিক্ষকতা আৰম্ভ কৰি সেই বিদ্যালয়তে বিনা বেতনে সেৱা আগবঢ়াইছিল ১০ টা বছৰ।
নাহেৰবাৰী ১নং প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ পোহৰ বিলাই বহু ছাত্ৰ-ছাত্ৰীক ভাল মানুহ হিচাপে গঢ় দি ২০১২ চনত অৱসৰ গ্ৰহণ কৰে শিক্ষক দুলাল সৰকাৰে। একমাত্ৰ পুত্ৰই কোম্পানীত কাম কৰি মাহেকত পোৱা কেইটামান টকাৰে সমগ্ৰ পৰিয়ালটোৱে চলিব নোৱাৰাত আৰ্থিক সংকটত পৰিছে শিক্ষকজন।