নগাঁৱৰ চামগুৰিত অব্যাহত হাতী-মানুহৰ সংঘাত

 09/09/2019 - 14:26

চামগুৰিঃ প্ৰতিদিনে এতিয়া বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী যাপন কৰিবলগীয়া হৈছে চামগুৰিৰ ৰাইজে। দেওবাৰে পুৱা চামগুৰিৰ গেন্ধালী বেবেজীয়াত বন্যহস্তীয়ে সৃষ্টি কৰে তীব্ৰ উপদ্ৰৱ। বন্যহস্তীৰ দুজনীয়া দলটোৱে ভাঙি তহিলং কৰিলে স্থানীয় দীপ গগৈ নামৰ এজন লোকৰ পকী ঘৰৰ লগতে সা-সামগ্ৰী।

পুৱতি নিশা বন্যহস্তীৰ দলটোৱে উপদ্ৰৱ চলোৱাৰ পাছতে বন্যহস্তী দলটো অহাৰ খবৰ স্থানীয় ৰাইজে বন বিভাগক দিছিল যদিও পুৱা পৰ্যন্ত উপস্থিত নহ’ল বন বিভাগৰ কোনো লোক। আনহাতে বন্যহস্তী দুটাই বৰ্তমানেও কাষৰে এডৰা হাবিতে অৱস্থান কৰি আছে। বন্যহস্তী দল দুটাই ওচৰৰে ঘন জংঘলত আশ্ৰয় লৈ থকাত এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।