পাণ্ডুত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

 09/09/2019 - 14:37

গুৱাহাটীঃ দেওবাৰে পাণ্ডুত ৰহস্যজনকভাৱে চিপ লোৱা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। পাণ্ডুৰ ৰেল আবাসত উদ্ধাৰ দীপক ঠাকুৰ নামৰ যুৱকজনৰ মৃতদেহ। মৃতদেহৰ কাষত উদ্ধাৰ সুৰাৰ বটল। নিশা এখন জিপচি গাড়ী লৈ দীপক ঠাকুৰৰ ঘৰত আহিছিল দুই জন যুৱক। স্থানীয় লোকৰ মতে বিগত 3 দিন ধৰি আহি আছিল যুৱক কেইজন। হত্যাৰ সন্দেহ স্থানীয় লোকৰ। ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।