বৰপেটা-গুৱাহাটীত ডিপিআৰচিৰ বিশ্ব ফিজিঅ'থেৰাপি দিৱস

 09/09/2019 - 14:53

বৰপেটাঃ "শৰীৰৰ বিভিন্ন বিষ কিম্বা সমস্যাৰ ক্ষ‌েত্ৰত ফিজিঅ'থেৰাপিয়েই শেষ সম্বল হিচাপে পৰিগণিত হোৱা দেখা গৈছে। দৈনন্দিন জীৱন ধাৰণৰ প্ৰণালীত সৃষ্ট বহু ৰোগৰবাবে ফিজিঅ'থেৰাপি চিকিৎসা অপৰিহাৰ্য হৈ পৰিছে। বিশ্ব ফিজিঅ'থেৰাপি দিৱসৰ দিনা ডিপিআৰচিৰ মূখ্য পৰিচালন সঞ্চালক দিগন্ত দাসে সংবাদ মাধ্যমক এনেদৰে কয়। উত্তৰ পূৱৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন 'আঁচলৰ' উদোগত ডিপিআৰচিৰ সৌজন্য‌ত বৰপেটা-গুৱাহাটীত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব ফিজিঅ'থেৰাপি দিৱস পালন কৰা হয়। বৰপেটাত ৰংঘৰ কাৰ্যালয়ত "ৰংঘৰ বৰপেটা"ৰ সহযোগত আৰু গুৱাহাটীত 'ছাই'ৰ প্ৰাংগণত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত ফিজিঅ'থেৰাপিৰ সজাগতা অভিযানৰ উদ্দেশ্য আগত ৰাখি বিনামূলীয়া ফিজিঅ'থেৰাপি চিকিৎসাৰ দিহা কৰে ডিপিআৰচিৰ অভিজ্ঞ ফিজিঅ'থেৰাপিস্টৰ দুটা দলে| "মেকিং ইণ্ডিয়া পেইন ফ্ৰী" শীৰ্ষক থীম লৈ সমগ্ৰ বিশ্বতে শনিবাৰে ফিজিঅ'থেৰাপি দিৱস উদযাপন কৰা হয়। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা ডিপিআৰচিৰ দুটা শিবিৰত দুই শতাধিক ৰোগীক বিনামূলীয়াকৈ সমীক্ষা আৰু চিকিৎসা আগবঢ়োৱা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।