মন্দিয়া আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

 09/09/2019 - 15:18

মন্দিয়াঃ বৰপেটা জিলাৰ মন্দিয়া আদৰ্শ চিকিৎসালয়ৰ খণ্ড আঁচনি বিষয়া ডাঃ আতোৱাৰ ৰহমানৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছে। এগৰাকী নাৰ্ছক অশালীন প্ৰস্তাব দিয়াৰ লগতে শৰীৰৰ গোপন অংগত হাত দিয়া বুলি চিকিৎসকজনৰ বিৰুদ্ধে মন্দিয়া আৰক্ষী চকীত ৰুজু কৰিছে গোচৰ৷ এই ঘটনাক লৈ বৰপেটাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ নাৰ্ছ গৰাকীৰ জুলাই মাহৰ দৰমহা বন্ধ হৈ থকাৰ বাবে চিকিৎসকগৰাকীৰ ওচৰলৈ গৈছিল নাৰ্ছগৰাকী৷ আৰু তেতিয়াই দৰমহা মোকলাই দিয়াৰ বিনিময়ত নিশা তেওঁৰ সৈতে শুৱ লাগিব বুলি চিকিৎসকগৰাকীয়ে নাৰ্ছগৰাকীক প্ৰস্তাৱ দিয়াৰ লগতে শৰীৰৰ অংগত বুলাইছিল হাত৷

চিকিৎসকগৰাকীৰ এনে কাৰ্যৰ পিছতেই নাৰ্ছগৰাকী মন্দিয়া আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে চিকিৎসকগৰাকীৰ বিৰুদ্ধে৷ আনহাতে বৰপেটা জিলাৰ এ এন এম নাৰ্ছ সন্থাই চিকিৎসকগৰাকীৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ৷ চিকিৎসকগৰাকীয়ে প্ৰায়ে কৰ্মৰত নাৰ্ছক অসৎ ইংগিত দিয়াৰ এনে বহু ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তুলিছে৷ অৱশ্যে চিকিৎসকগৰাকীয়ে এই সকলো ঘটনা অস্বীকাৰ কৰিছে৷ চিকিৎসকগৰাকীৰ মতে, নাৰ্ছগৰাকী অহাৰ সময়ত কাৰ্যালয়ত আছিল কেবাজনো নাৰ্ছ। এনে অভিযোগক লৈ মৰ্মাহত চিকিৎসকগৰাকী৷ তেওঁ আদালতত ন্যায় পাব বুলিও আশাবাদী৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।