মাজবাটত ১,৫০০০০ টকাৰ চোৰাং কাঠসহ ট্ৰেক্টৰ জব্দ

 04/05/2019 - 18:18

ওৰাংঃ ৰাজ্যত যথেষ্ট সক্ৰিয় ৰূপত আছে চোৰাং কাঠ ব্যৱসায়ী চক্ৰ। বৃহস্পতিবাৰে মাজবাট বন বিভাগৰ সফল অভিযানত বৃহৎ পৰিমাণৰ  অবৈধ কাঠ জব্দ হয়।

এই বৃহৎ পৰিমাণৰ কাঠখিনিৰ মূল্য আনুমানিক প্ৰায় ১,৫০০০০ টকা। বৃহস্পতিবাৰে নিশা ৯ বজাত মাজবাটৰ জিৰ’ পইন্ট চিকাৰীদাঙাৰ পৰা মাজবাট বন বিভাগে জব্দ কৰে এই বৃহৎ পৰিমাণৰ কাঠখিনিৰ লগতে নাম্বাৰ পেল্টবিহীন এখন ট্ৰেক্টৰ। বনবিভাগৰ দলক দেখি পলায়ন কৰে ট্ৰেক্টৰ চালকজন।

বন বিভাগৰ তহলদাৰী দলে জব্দ কৰিবলৈ সক্ষম হয় ১,৫০০০০ লাখ টকাৰ মূল্যৰ এই বৃহৎ পৰিমাণৰ কাঠখিনি। ধনশ্ৰী সংমণ্ডলৰ মনাই নদীৰে অবৈধ ভাৱে চোৰাং কাঠ ব্যৱসায়ীয়ে এই বৃহৎ পৰিমাণৰ কাঠখিনি অনাৰ সন্দেহ কৰিছে বন বিভাগৰ লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।