উত্তৰ গুৱাহাটীত অসংগঠিত শ্ৰমিক সংঘ গোট গঠন

 09/09/2019 - 15:41

উত্তৰ গুৱাহাটীঃ ভাৰতীয় মজদুৰ সংঘৰ নীতি আদৰ্শৰে উত্তৰ গুৱাহাটীত অসংগঠিত শ্ৰমিক সংঘ নামেৰে এটি নতুন শ্ৰমিক গোট গঠন কৰা হৈছে৷ কাৰিকৰীভাৱে দক্ষতা আৰু অৰ্হতাসম্পন্ন শ্ৰমিক নিৰ্মাণেই হ'ব ইয়াৰ মুখ্য উদ্দেশ্য৷ সকলো শ্ৰমজীৱীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি তেওঁলোকৰ দক্ষতা বিকাশ কৰাই সংগঠনটোৰ প্ৰধান লক্ষ্য হ'ব৷ সেই উদ্দেশ্যে ৮ ছেপ্টেম্বৰ তাৰিখে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন প্ৰেক্ষাগৃহত বিয়লি ৪ বজাৰ পৰা কামৰূপ জিলা মজদুৰ সংঘৰ উদ্যোগত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। কামৰূপ জিলা মজদুৰ সংঘৰ সভাপতি উজ্জ্বল ভট্টাচাৰ্যই সঞ্চালনা কৰা সভাত আঁত ধৰে জগদীশ শৰ্মাই।

মুখ্য অতিথি হিচাবে পূ্ৰ্বোত্তৰ ৰে’লৱে কৰ্মচাৰী সংঘৰ মুখ্য আহ্বায়ক জিতু হাজৰিকাই উদাত্ত কণ্ঠৰে শ্ৰমিকসকলৰ ন্যায্যপ্ৰাপ্তিৰ হ'কে একগোট হ'বলৈ আহ্বান জনায়। এই ক্ষেত্ৰত বিশ্বৰ অন্যতম বৃহৎ শ্ৰমিক সংঘ ভাৰতীয় মজদুৰ সংঘই ১৯৫৫ চনৰ পৰা শ্ৰমিকৰ হ'ক ন্যায্য আদায়ৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। যাৰ ফলত চৰকাৰে শ্ৰমিকৰ নূন্যতম মজুৰি বৃদ্ধি কৰাৰ দিশত প্ৰদক্ষেপ ল'বলৈ বাধ্য হৈছে।

শ্ৰমিক নেতা জিতু হাজৰিকাই লগতে কয় অসংগঠিত খণ্ডৰ ৯৩% শ্ৰমিক-কৰ্মচাৰী উলাই কৰি কেতিয়াও শ্ৰমিক আন্দোলন সফল হ'ব নোৱাৰে। সংগঠিত খণ্ডৰ ৭% শ্ৰমিকে (বেংক, ৰে’লৱে) সদায় চৰকাৰী সা-সুবিধা লৈ আহিছে। এই ক্ষেত্ৰত অসংগঠিত শ্ৰমিকৰ ন্যায্য সুবিধা লাভৰবাবে সংগঠনটোৱে কাম কৰি যোৱাৰ সংকল্প লৈছে। সভাত কুলেন বড়ো সভাপতি, মুকুটেশ্বৰ গোস্বামী কাৰ্যকৰী সভাপতি, ৰঞ্জন কুমাৰ শৰ্মা সম্পাদক, কোষাধ্যক্ষ জগদীশ শৰ্মা আৰু মুন দাসক সাংগঠনিক সম্পাদক হিচাপে লৈ শক্তিশালী সমিতি গঠন কৰা হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।