অল ইণ্ডিয়া ডি এছ অ'ৰ চতুৰ্থ ৰাজ্যিক ছাত্ৰ সন্মিলন

 09/09/2019 - 16:03

ডিজিটেল ডেস্কঃ অল ইণ্ডিয়া ডি এছ অ'ৰ সন্মিলন খনৰ সভাপতিত্ব কৰে জিতেন্দ্ৰ চলিহা, মুখ্য বক্তৃতা হিচাপে থাকে অচিত ভট্টাচাৰ্যই। অনুষ্ঠানত অসমৰসকলো অঞ্চলৰ প্ৰায় ৫০০ মান ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। এই অনুষ্ঠানৰ জৰিয়তে চৰকাৰক কেইটামান দাবী উত্থাপন কৰে, দাবী সমূহ হ’ল -শিক্ষাৰ ব্যৱসায়ীকৰণৰ চূড়ান্ত ব্লুপ্ৰিন্ট জাতীয় শিক্ষানীতি, 2019 বাতিল কৰাক। অতি শীঘ্ৰে প্ৰথম শ্ৰেণীৰ পৰা পাছ ফেইল প্ৰথা পুনৰ প্ৰৱৰ্তন কৰক। শিক্ষাৰ ব্যৱসায়ীকৰণ, সাম্প্ৰদায়িকৰণ বন্ধ কৰক। চেমিষ্টাৰ চি বি চি এছ বাতিল কৰক। ভেন্সাৰ শিক্ষাঅনুষ্ঠান সমূহ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।