জুৰীয়া খণ্ড উন্নয়ন কাৰ্যালয়ত নাভূত-নাশ্ৰুত কাণ্ড, ভূমিহীন লোকৰ নামত আবণ্টন চৰকাৰী আৱাস গৃহ

 09/09/2019 - 16:31

ধিংঃ দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিনত হৈছে জুৰীয়া উন্নয়ন খণ্ড কাৰ্যালয়। শেহতীয়াকৈ পোহৰলৈ আহিছে দৰিদ্ৰ লোকৰ বাবে অহা আচঁনিটো ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ তথ্য। উদাহৰন স্বৰূপে জুৰীয়া উন্নয়ন খণ্ডৰ অধীনৰ জেঙণী-কলাডোবা পঞ্চায়তৰ পুথিমাৰী গাৱঁত PMAY ঘৰৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। গাঁওখনৰ চাহাৰ বানু আৰু কুদ্দুচ আলী নামৰ ভূমিহীন লোক দুজনৰ নামত আবন্টিত হৈছে PMAY ৰ অধীনৰ চৰকাৰী আৱাস গৃহ। যাৰ ভূমিয়েই নাই সেইসকল হিতাধিকাৰীৰ নামত আবন্টিত চৰকাৰী গৃহ বনাব ক'ত??? কৰি তুলিছে জুৰীয়া উন্নয়ন খণ্ডৰ বিষয়া, অভিযন্তা, সচিব আৰু পঞ্চায়ত সভাপতি মহোদয় সকলে।

গাওঁখনৰ মুছলেমউদ্দিন আৰু বাহাৰুল ইছলামে তেওঁলোকৰ ভূমি এই দুই ভূমিহীনক দান দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। সেইমতে মুছলেমউদ্দিন আৰু বাহাৰুল ইছলাম নামৰ মানুহ দুজনৰ ভূমিত নিৰ্মান কৰিছে ভূমিহীন দুগৰাকীৰ আবন্টিত ঘৰ। পিছে ঘৰ নিৰ্মাণ হোৱাৰ পিছত সেই গৃহত হিতাধিকাৰী দুগৰাকী সোমাওঁতেই ভূমিৰ মালিকে মাৰপিত কৰি খেদি দিয়ে দুই হিতাধিকাৰীক। এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ পুথিমাৰী অঞ্চলত। স্থানীয় লোকৰ মতে উন্নয়ন খণ্ডটোৰ বিষয়া অভিযন্তা, সচিব তথা পঞ্চায়ত সভাপতিয়ে মুছলেমউদ্দিন আৰু বাহাৰুলৰ লগত ধনৰ লেনদেনেৰে ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰিছে।

চৰকাৰী আৱাস গৃহ নিৰ্মাণ হোৱাৰ পিছতো এতিয়া মুকলি আকাশৰ তলতে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে এই দুজন ভুক্তভোগীয়ে। ইপিনে সমগ্ৰ ঘটনাৰ বিষয়ে জুৰীয়া আৰক্ষীক অৱগত কৰাৰ পিছতো নীৰৱ ভূমিকা পালন কৰিছে জুৰীয়া আৰক্ষীয়ে। ভূমিহীন লোকক কিদৰে আবন্টন দিলে চৰকাৰী আৱাস গৃহ? চৰকাৰী ঘৰৰ নামত হোৱা ব্যাপক দুৰ্নীতি আৰু অনিয়ম তদন্ত কৰিবনে শূ্ন্যসহনশীল চৰকাৰখনে?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।