অসম বংগ সীমান্তত এন আৰ চিৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ বিশাল ৰেলী

 09/09/2019 - 16:31

গোসাইগাঁওঃ অসমত এন আৰ চি চূড়ান্ত হোৱাৰ পিছত আন্দোলত কঁপি উঠিছে চুবুৰীয়া ৰাজ্য পশ্চিম বংগত। তৃণমূল কংগ্ৰেছ এন আৰ চিৰ বিৰুদ্ধে হাতত লৈছে আন্দোলন কাৰ্যসূচী। অসমৰ দৰে পশ্চিম বংগত এন আৰ চিৰ নামত ভাৰত চৰকাৰে প্ৰকৃত নাগৰিকক হাৰাশাস্তি দিব নোৱাৰে আৰু নাগৰিকৰ ক্ষমতা বিনষ্টকাৰী ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বংগত কৰিব নোৱাৰে তাৰ উদ্দেশ্য আগত ৰাখি ৰাইজক সজাগ কৰিবলৈ তৃণমূল কংগ্ৰেছ দলৰ নেতা কর্মী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছে। সােমবাৰে আলিপুৰদুৱাৰ জিলা তৃণমূল কংগ্ৰেছৰ শীর্ষ নেতা কর্মীৰ উদ্যোগত সীমান্তৱৰ্তী এলেকা বাৰভিশাত বিশাল সমদল কৰাৰ লগতে ৰাষ্ট্ৰীয় পথত সভা অনুষ্ঠিত কৰে।

উক্ত সভাত আলিপুৰদুৱাৰ তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি অভিজিত বৰুৱা, সাংসদ দশৰথ তিৰকী উপস্থিত থাকে। হাজাৰ হাজাৰ পুৰুষ-মহিলা অসম-বংগৰ সীমামূৰীয়া এলেকা বাৰভিশাত বিশাল সমদলত অংশগ্ৰহণ কৰে। ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত হাজাৰ হাজাৰ পুৰুষ-মহিলাৰ হাতে হাতে বেনাৰ, প্লেকাৰ্দ লৈ শ্ল’গান দিয়ে। তৃণমূল কংগ্ৰেছৰ উদ্যোগত এই সমদল। এন আৰ চিৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক কেন্দ্ৰ চৰকাৰে নাগৰিকক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত এই সমদল। বাৰভিশাৰ বিবেকানন্দ ক্লাৱৰ খেল পথাৰৰ পৰা অসম বংগ-সীমান্ত অভিমুখে সমদল কৰে। ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি কেন্দ্ৰীয় চৰকাৰ বিজেপি বিৰুদ্ধে শ্ল’গানেৰে উত্তাল ৰাষ্ট্ৰীয় ঘাইপথ। ভাৰত চৰকাৰে এন আৰ চিৰ নাম লৈ অসমত ১৯ লাখ লোকক বিভিন্ন প্ৰকাৰে অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে হাৰাশাস্তি দিয়াৰ অভিযোগ তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।