শিৱসাগৰঃ শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মনে। শিৱসাগৰ প্ৰেছ ক্লাৱৰ সম্পাদক ইনামূল হাজৰিকাই আঁত ধৰা অনুষ্ঠানটো সঞ্চালন কৰে শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি ড০ সৌমাৰজ্যোতি মহন্তই। সাম্প্ৰতিক কালৰ শৈক্ষিক দৃশ্যপট আৰু দক্ষতাকেন্দ্ৰিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে স্কিল ডেভলেপমেন্ট মিচন, অসমৰ পৰিচালন সঞ্চালক শ্ৰী যুত আনন্দ প্ৰকাশ তিৱাৰী। বক্তৃতানুষ্ঠানত এচিষ্টেন্ট স্কিল প্ৰজেক্ট মেনেজাৰ পিংকু চৌধুৰীয়েও বক্তব্য আগবঢ়ায়।
অনুষ্ঠানটোত বিশিষ্ট ভাস্কৰ্য শিল্পী দূৰ্লভ বৰাক ২০১৮-১৯ বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰা হয়। তাৰোপৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল লাভ কৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলক এককালীন নগদ ধনৰ জলপানি প্ৰদান কৰা হয়।