09/09/2019 - 17:25
in
মৈৰাবাৰীঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ একমাত্ৰ পেট্ৰ’ল ডিপু বি এম ছাৰ্ভিচ ষ্টেচনত তদন্তৰ ফলতে ডিজেলৰ টেংকিত পানী ওলাল। সােমবাৰে পুৱা ভাগতে পেট্ৰ’ল ডিফুটোত বিভিন্ন প্ৰান্তৰ লোকে তেলৰ বাবে ভিৰ কৰে যদিও তেল ভৰোৱাৰ পাছতে গাড়ীৰ ষ্টাৰ্ট নোহোৱাত সন্দেহ হয় গাড়ী চালকৰ।
পিছত পৰীক্ষা কৰি ডিজেলৰ লগত সমানে সমানে টেংকিত পানীৰ সন্ধান পোৱাত গ্ৰাহক সকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে তেল ডিপুটোত। কিন্ত চকুৰ সন্মুখতে প্ৰমান কৰি দেখুৱাৰ পাছতো ডিপুৰ মেনেজাৰে কথাটো অস্বীকাৰ কৰে। অৱশ্যে বেয়া হোৱা আটাইকেইখন গাড়ী ভাল কৰাৰ দায়িত্ব মূৰ পাতি লোৱাৰ লগতে তেলৰ দাম ঘুৰাই দিবলৈ মেনেজাৰজন মান্তি হোৱাত পৰিস্থিতি শান্ত হয়। পূৰ্বতেও এই তেল ডিপুটোত এনে ধৰণৰ ঘটনা সংঘটিত হৈছে কেইবাবাৰো৷