লাহৰীঘাটৰ লালী নৈৰ ওপৰৰ জৰাজীৰ্ণ কাঠৰ দলং মেৰামতিৰ দাবী স্থানীয় ৰাইজৰ

 09/09/2019 - 17:52

লাহৰীঘাটঃ মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰৰ দক্ষিণ ফালে থকা লালী নৈৰ ওপৰত কাঠৰ দলংখন তিনি বছৰ ধৰি মেৰামতি নোহোৱাৰ ফলত পথচাৰী, বহুকেইখন স্কুল-কলেজৰ ছাত্ৰ- ছাত্ৰীৰ লগতে স্হানীয় গঞাই যমৰ যাতনা ভুগিব লগা হৈছে। দলংখনৰ ওপৰেদি অঞ্চলটোৰ চাৰি-পাচঁখন গাঁৱৰ কেইবা সহস্ৰাধিক লোকে দৈনিক অহা যোৱা কৰে। চাৰি-পাঁচখন গাঁৱৰ গঞাৰ একমাত্ৰ বজাৰ লাহৰীঘাট। দ্বিসপ্তাহিক বজাৰলৈ সংযোগৰ একমাত্ৰ সম্বল দলংখনৰ মেৰামতি নোহোৱাৰ বাবে গঞা ৰাইজে উৎপাদিত বিভিন্ন সামগ্ৰী বজাৰলৈ বিক্ৰী কৰিবলৈ আনোতে বহু অসুবিধাৰ সন্মুখীন হ’বলগা হৈছে।

সম্প্ৰতি দলঙৰ ৰেলিঙৰ পৰা আদি কৰি মাজৰ কাঠবোৰো বহু অংশত নাইকিয়া হৈ আছে। যিকোনো সময়তে দুৰ্ঘটনা হোৱাৰ আশংকা কৰিছে স্হানীয় ৰাইজ তথা পথচাৰীসকলে। লালী নৈৰ ওপৰৰ এই জৰাজীৰ্ণ কাঠৰ দলংখন সোনকালে মেৰামতি কৰি দিবলৈ জিলা প্ৰশাসনৰ আহ্বান জনাইছে অঞ্চলটোৰ ভুক্তভোগী গঞাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।