ড° ভূপেন হাজৰিকা মুকলি মঞ্চত নজ্বলিল এগছি চাকি

 09/09/2019 - 18:03

ৰূপহীঃ ৰাজ্যজুৰি দেওবাৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্মতিথিত শ্ৰদ্ধা ভক্তিসহ পালন কৰিলে৷ নগাঁও জিলাৰ ৰূপহীত এলাগী হৈ থাকিল জনতাৰ হৃদয়ত স্থান লাভ কৰি থকা শিল্পীগৰাকীৰ জন্মদিৱস। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি প্ৰতিজন মানুহৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্যে তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে চৰকাৰে ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ড এলেকাত ড০ ভূপেন হাজৰিকা মুকলি মঞ্চ নামেৰে একোখনকৈ মঞ্চ স্থাপন কৰিছিল। সমগ্ৰ ৰাজ্যৰ বিভিন্ন মুকলি মঞ্চত আজি মানৱদৰদী শিল্পীজনক সোৱৰণ কৰিছে যদিও ৰূপহী বেলগুৰি স্থিত সুধাকণ্ঠ ড° ভুপেন হাজৰিকা মুকলি মঞ্চত দেওবাৰে এই স্মৰণীয় দিনটোতো পৰিত্যক্ত হৈ পৰি আছিল।

আনকি মহান শিল্পী গৰাকীৰ জন্মতিথিত তেওঁৰ নামত বন্তি এগছি প্ৰজ্বলন নকৰিলে পৰিচালনা কমিটি বা প্ৰশাসনে। মঞ্চখন স্থাপন কৰাৰ সময়ত উন্নয়ন খণ্ডৰ প্ৰতিজন প্ৰতিনিধি, বিষয়া-কৰ্মচাৰী আদিয়ে মহা ধুমধামেৰে ফটো উঠি আনন্দ উল্লাহ কৰি সুধাকণ্ঠৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ এই মঞ্চই যথেষ্ঠখিনি ভূমিকা পালন কৰিব বুলি ভাষণ প্ৰদান কৰিছিল যদিও সেই উদ্ধোধনী অনুষ্ঠানৰ পাছত আজিলৈকে কোনো ধৰণৰ কাৰ্যসূচী ৰূপায়িত ন’হল। জন্ম-মৃত্যূ আদি তিথিৰ দিনাখনোতাে যদি এগছি বন্তি প্ৰজ্বলন কৰি শিল্পীজনৰ প্ৰতি সামান্য সন্মান প্ৰদৰ্শন কৰিব নোৱাৰে তেন্তে ব্যক্তিজনৰ নামত এইদৰে মুকলি মঞ্চ স্থাপন কৰি পৰিত্যক্ত অৱস্থাত পেলাই থোৱাটো শিল্পী গৰাকীৰ প্ৰতি এক প্ৰকাৰ অপমান কৰা হৈছে বুলি ৰূপহীহাটৰ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।