গৌৰীপুৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড

 09/09/2019 - 18:19

গৌৰীপুৰঃ ৬ লাখ টকাই কাল হল নেকি আক্তাৰ হুছেইনৰ? ৬লাখ টকাৰ লোভত দুজন বন্ধুৱে মিলি হত্যা কৰিলে জুয়েলাৰী ব্যৱসায়ী বন্ধুক। এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে ধুবুৰীৰ জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ পিয়াজবাৰী গাঁৱত। এই গাঁৱখনৰ নুৰ বক্সৰ ল’ৰা আক্তাৰ হোছেইন মোল্লা (২৮)। যুৱক আক্তাৰে নিকটৱৰ্তী কাউনবাৰী বজাৰত আৰম্ভ কৰিছিল জুয়েলাৰী ব্যৱসায়। যোৱা ৭ ছেপ্টেম্বৰৰ পুৱা লগৰীয়া দুজন বন্ধুৱে সস্তীয়া দামত জলেশ্বৰৰ পৰা সোণ ক্ৰয় কৰি দিয়াৰ প্ৰলোভনেৰে জুয়েলাৰী ব্যৱসায়ী আক্তাৰক ব্ৰহ্মপুত্ৰৰ পাৰঘাটত মাতে।

ইঞ্জিন চালিত নাওঁ ভাৰা কৰি বন্ধু দুজনে আক্তাৰক বাহিৰ শালমাৰাৰ ডিমাতলা ব্ৰহ্মপুত্ৰ নদীৰে দুৰ্গম চৰাঞ্চললৈ লৈ যায়। নিৰুদ্দেশ হৈ পৰা আক্তাৰৰ কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোকে আঠানী আৰক্ষী চকীৰত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আঠানী আৰক্ষীয়ে একাংশ ৰাইজ আৰু বন্দিহানা আৰক্ষীৰ সহযোগত আক্তাৰৰ লগৰীয়া যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে আটক কৰা হত্যাকাৰী যুৱক দুজন হৈছে ক্ৰমে বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত ছেণ্ড ব্লক গাওঁৰ উমেদ আলীৰ পূত্ৰ ৰমজান আলী (২২)আৰু মাছিপাৰা গাওঁৰ বাহাদুৰ আলীৰ পুত্ৰ সাহ আলম সেখ (২০) ।

অপহৃত আক্তাৰৰ লগত ৬ লাখ টকা আছিল বুলি পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে। যোৱা নিশা গৌৰীপুৰ আৰক্ষীৰ জেৰাত দুয়োজন যুৱকে ব্যৱসায়ী আক্তাৰক নিৰ্মমভাবে হত্যা কৰাৰ স্বীকাৰোক্তি দিছে। হত্যাকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি পূৱাৰে পৰা জিলা প্ৰশাসন আৰু এন ডি আৰ এফৰ জোৱানে জলেশ্বৰৰ বুঢ়াবুঢ়ীৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীত ব্যৱসায়ী আক্তাৰৰ মৃত দেহ উদ্ধাৰৰ অভিযান চলাইছে। হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী প্ৰশাসনে আক্তৰৰ মৃতদেহ উদ্ধাৰৰ অভিযান আৰম্ভ কৰাত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় আক্তাৰৰ বাসগৃহত। দোষীক ফাচীৰ দাবী জনায় আক্তাৰৰ পৰিয়ালে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।