ৰঙিয়া সেনাৰ পেন্সন আদালত

 04/05/2019 - 19:10

ৰঙিয়াঃ  ১ হাজাৰ ৪ শ অৱসৰপ্ৰাপ্ত সেনা তথা কৰ্মচাৰীক সামৰি শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে সেনাৰ ১৬ সংখ্যক পেন্সন আদালত।

ৰঙিয়া ৰেডহৰ্ণ ডিভিজনৰ অডিটৰিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা সেনাৰ পেন্সন আদালতত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সেনাৰ আই ডি এ এছ তথা এডিচনেল চিডিডিএ দিল্লীৰ অনুৰধা মিশ্ৰ।

সেনা বিষয়াগৰাকীয়ে এই সেনা পেন্সন আদালতৰ দ্বাৰা ৰেডহৰ্ণ ডিভিজনৰ অধীনৰ পৰিয়ালবৰ্গৰ বিভিন্ন পেন্সন সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

সেনাৰ প্ৰিন্সিপাল কনট্ৰলাৰ অৱ ডিফেন্স একাউণ্টৰ উদ্যোগত আৰু ৰেডহৰ্ণ ডিভিজনৰ সৌজন্যত অনুষ্ঠিত সামৰিক পেন্সন আদালতত ১৪০০ লোকৰ পেন্সন সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰা হ’ব আদালতত।

ৰাজ্যখনৰ কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, নলবাৰী, কামৰূপ, দৰং আদিকে ধৰি কেইবাখনো জিলাৰ অৱসৰী সেনা-কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালবৰ্গৰ লোকসকল আহে। উল্লেখযোগ্য যে আৰম্ভণিতে ৰেডহৰ্ণ ডিভিজনৰ জিঅ’চি সকলক আদৰণি জনোৱা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।