নেমুখেতিৰে সেউজ বিপ্লৱৰ সূচনা বাক্সাৰ ৰবীন বসুমতাৰীৰ

 09/10/2019 - 14:24

বিজনীঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া লাবদাংগুৰী পথাৰত নেমুখেতিৰে সেউজ বিপ্লৱৰ সূচনা কৰিছে এগৰাকী কৃষকে৷ ব্যক্তিগৰাকী বাক্সা জিলাৰ খাৰিজা বিজনী মৌজাৰ লাবদাংগুৰী পথাৰৰ বাসিন্দা ৰবীন বসুমতাৰী৷ তেওঁ নিজ ১৫ বিঘা মাটিত উন্নত প্ৰজাতিৰ নেমুটেঙা আৰু অমিতা ৰোপনেৰে কৃষি বিপ্লৱৰ সূচনা কৰি গাঁওখনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা৷

বেঁকী নৈৰ কাষৰীয়া অঞ্চলটোত প্ৰায় চাৰি বছৰ পূৰ্বে নেমুটেঙাৰ খেতি আৰম্ভ কৰিছিল৷ বছৰৰ বাৰমাহেই উৎপাদনক্ষম নেমু বিক্ৰী কৰি লোকজনে বছৰি চাৰি লক্ষাধিক টকা লাভ কৰিবলৈ সক্ষম হয়৷ চৰকাৰী কোনো অনুদান লাভ নকৰাকৈ উৎপাদন কৰা নেমুটেঙাৰে সম্প্ৰতি এখন বৃহৎ বজাৰ দখল কৰি সমগ্ৰ অঞ্চলটোত নেমুখেতিৰ বাটকটীয়া হিচাপে চিহ্নিত হৈছে ৰবীন বসুমতাৰী৷

তেওঁৰ পদাংক অনুসৰণ কৰিয়েই অঞ্চলটোৰ একাংশ যুৱকে আগবাঢ়ি আহিছে কৃষি কৰ্মৰে স্বাৱলম্বী হ'বলৈ৷ সেউজ বিপ্লৱেৰে স্বাবলম্বী হোৱা ৰবীন বসুমতাৰীয়ে বৰ্তমান দৈনিক প্ৰায় ১০গৰাকী লোকক তেওঁৰ বাগানত কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে৷ যি সময়তক নৱ প্ৰজন্মই চাকৰীৰ তাড়নাত হাবাথুৰি খাইছে সেই সময়ত সেউজ বিপ্লৱেৰে স্বাবলম্বী হোৱাৰ অনন্য নিদৰ্শন দেখুৱাইছে ৰবীন বসুমতাৰীয়ে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।