কৰিমগঞ্জঃ প্ৰতিদিনাই বাঢ়িছে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্য। আনহাতে একাংশ অসাধু ব্যবসায়ীয়ে ৰাজ্যজুৰি চলাইছে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ ছিণ্ডিকেট। মাজ বাটত অসৎ পন্থাৰে বিক্ৰী কৰি দিয়া হয় পেট্ৰল, ডিজেল আৰু ৰন্ধনগেছ। পিছে পৰিমান কম হলে মিহলাই দিয়া হয় আন কোনো বস্তু। কৰিমগঞ্জৰ বাৰইগ্ৰামত এতিয়া পোহৰলৈ আহিল ৰন্ধন গেছৰ সলনি চিলিন্ডাৰত পানী ভৰোৱাৰ তথ্য।
বিৱৰন অনুসৰি কৰিমগঞ্জ জিলাৰ ইলাশপুৰ পঞ্চায়তৰ সভাপতিৰ প্ৰতিনিধি আমিৰুল হকে ৰাৰইগ্ৰাম গেছ এজেণ্সিৰ পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ আনিছিল। পিছে ৰন্ধন সালত লগালে জুই নজ্বলাত সন্দেহ হয়। চিলিণ্ডাৰ পৰীক্ষা কৰা হলে দেখিবলৈ পোৱা যায় ভিতৰত গেছৰ সলনি পানী। অভিযোগ অনুসৰি নিলামবজাৰ আৰক্ষী থানাৰ কাষতেই আছে চিলিণ্ডাৰ চুৰ কৰা এটা চক্ৰ।
যোৱা বছৰ আৰক্ষীয়ে চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাই চিলিণ্ডাৰৰ পৰা গেছ উলিয়াই লোৱাৰ বহু সঁজুলি চিলিণ্ডাৰ সহ ছিল কৰাৰ বহু সামগ্ৰী উদ্ধাৰ কৰিছিল যদিও এতিয়াও অব্যাহত আছে ভিতৰত পানী ভৰাই ৰাইজক মাধমাৰ দিয়াৰ প্ৰক্ৰিয়া।