বঙাইগাঁৱত চোৰাং কাঠভৰ্তি ট্ৰাক জব্দ

 09/10/2019 - 14:44

বিজনীঃ বঙাইগাঁও জিলাৰ বিজনী গেৰুকাবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযান। মঙলবাৰে নিশা গেৰুকাবাৰী উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ৰায়ৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযানত চোৰাং কাঠ ভৰ্তি ট্ৰাক এখন জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা AS-09 AC 7934 নম্বৰৰ ট্ৰাকখনে কঢ়িয়াই আনিছিল চোৰাং কাঠখিনি। চিৰাঙৰ কাজলগাঁওৰ পৰা বৰপেটাৰ সৰভোগ অভিমুখে ট্ৰিপালেৰে ঢাকি গৈ থকা অৱস্থাত আৰক্ষীৰ জালত পৰে ট্ৰাকখন। ট্ৰাকখনৰ গৰাকী আন্নেচ আলী, চালক চাইদুল আলীক গ্ৰেপ্তাৰ গেৰুকাবাৰী আৰক্ষীৰ।

ট্ৰাকখনৰ গৰাকী আৰু চালক দুয়োৰে ঘৰ সৰভোগত বুলি জানিব পৰা গৈছে। ট্ৰাকখনৰ গৰাকী আৰু চালকে ভুৱা চালানেৰে কেইবা লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ খিনি বৰপেটা ৰোডলৈ লৈ গৈ আছিল বুলি উক্ত ভুৱা চালান খনত উল্লেখ আছে। পাছলৈ গেৰুকাবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে বনবিভাগত চমজাই দিয়ে বুলি আৰক্ষীৰ সুত্ৰে প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।