নগৰবেৰাৰ জামলাইত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

 09/10/2019 - 14:50

নগৰবেৰাঃ নগৰবেৰাৰ জামলাইত পঞ্চায়ত সভানেত্ৰী, সচিবৰ মৈমতালিৰ বিৰুদ্ধে শ শ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। নগৰবেৰাৰ জামলাই অঞ্চলৰ বাট-পথৰ দুৰৱস্থা শোচনীয়। পথ নহয়, যেন শালিধান ৰোৱা পথাৰহে। বৰষুণ দিলেই যাতায়াত স্তব্ধ হৈ পৰে জামলাই গাঁওৰ পথ সমূহত। জামলাই অঞ্চলৰ গ্ৰাম্য পথৰ এনে দূৰৱস্থাৰ প্ৰতি নজৰ নাই পঞ্চায়ত সভানেত্ৰী ৰেজিয়া চুলতানা আৰু সচিব ননী গোপাল সাহাৰ৷ ৰাইজৰ দুখ দুৰ্গতি মোচনৰ প্ৰতিশ্ৰুতি দি পঞ্চায়ত সভানেত্ৰী নিৰ্বাচিত হোৱা ৰেজিয়া চুলতানাই ব্যস্ত মুনাফা লুটাত।

ৰাজ্য চৰকাৰে আৱন্টন দিয়া বিত্ত আয়োগৰ ৫৪ লাখ টকাৰ ওপৰত এতিয়া চকু সভানেত্ৰী ৰেজিয়া চুলতানা আৰু সচিব ননী গোপাল সাহাৰ। ৰাইজৰসকলো আশা আকাংক্ষাক একাষৰীয়া কৰি তাৰাপাম্প আৰু ষ্ট্ৰিট লাইটৰ আঁচনি ধৰাত জাঙুৰ খাই উঠিছে জামলাই বাসী। বিধ্বস্ত বাট পথৰ বাবে স্কুললৈ অহা যোৱা কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। পঞ্চায়ত সভানেত্ৰী ৰেজিয়া চুলতানা আৰু সচিব ননী গোপাল সাহাৰ মৈমতালি বন্ধ কৰি ৰাইজৰ মতে আঁচনি ৰূপায়নৰ দাবী ছাত্ৰ-ছাত্ৰীসকলৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.