দলগাঁৱৰ বটাবাৰীত এন আৰ চি সম্পৰ্কে সজাগতা সভা

 09/10/2019 - 15:08

দলগাঁওঃ ৩১ আগষ্টত প্ৰকাশ হ’ল বহু প্ৰত্যাশিত এন আৰ চিৰ সম্পূৰ্ণ তালিকা। তালিকাৰ পৰা বাদ পৰিল ১৯ লক্ষাধিক লোকৰ নাম। শাসক বিৰোধী সকলো ৰাজনৈতিক-অৰাজনৈতিক দলেই এন আৰ চিক লৈ ব্যক্ত কৰিছে তীব্ৰ অসন্তষ্টি। হাজেলাই মইমতালিৰে স্বদেশীক বিদেশী সজোৱাৰ বিপৰীতে বিদেশীক স্বদেশী সজোৱাৰ অভিযোগ একাধিক দল সংগঠনৰ। বাদ পৰা লোকৰ সংখ্যা নিমিলাত শাসক বিৰোধীৰ লগতে একাংশ সংগঠনে এন আৰ চি নাকচ কৰি দীৰ্ঘদিনীয়া কষ্টৰ ফচলক উপলুঙা কৰিছে। এন আৰ চিৰ পৰা বাদ পৰা লোকক বিদেশী ন্যায়াধীকৰণত যুঁজ দিবলৈ মানসিকভাবে প্ৰস্তুত কৰিবলৈ আমছুৱে সমগ্ৰ অসমজুৰি আৰম্ভ কৰিছে সজাগতা সভা। সোমবাৰে সন্ধিয়া দলগাঁৱৰ বটাবাৰী আৰু বেছিমাৰীত আমছুৱে পৃথকে পৃথকে দুটাকৈ সজাগতা সভা অনুষ্ঠিত কৰি সাধাৰণ লোকক শংকিত ন’হবলৈ আহবান জনায় আমছুৱে।

বিদেশী ন্যায়াধীকৰণত নাগৰিকত্ব প্ৰমাণ কৰিবলৈ প্ৰয়োজনীয় নথি মজুত ৰাখিবলৈ আহবান জনায়। সভাত ভাষণ প্ৰসংগত আমছুৰ উপ সভাপতি আইনুদ্দিন আহমেদে কয়- আমি অসমত জন্ম লৈছো। পূৰ্ব পুৰুষ সকলেও ইয়াতে জন্ম লৈছে। ইয়াতে আমাৰ মৃত্যু হ’ব। জন্মভূমি এৰি আমি কলৈকো নাযাও। কোনোবাই কলেও আমি বিদেশী হৈ নাযাও। এই দেশত থাকিবলৈ মুছলমান সকলক কাৰো দয়া ভিক্ষা কৰাৰ দৰকাৰ নাই। আমাৰ নথিয়ে আমাৰ নাগৰিকত্ব প্ৰমাণ কৰিব। সদ্য প্ৰকাশিত এন আৰ চিৰ তালিকাক লৈ আমছু সন্তষ্ট নে অসন্তষ্ট বুলি কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আহমেদে কয়- বিষয়টো সন্তষ্ট আৰু অসন্তষ্টৰ নহয়। এয়া ন্যায় আৰু অন্যায়ৰ যুঁজ। পৰ্যাপ্ত নথি পত্ৰ থকাৰ পিছতো চক্ৰান্তমূলক ভাবে আমাৰ নাম কৰ্তন কৰিছে। স্বাৰ্থ জড়িত চক্ৰক সন্তষ্ট কৰিবলৈ হাজেলাই এনে কাৰ্য কৰা বুলি অভিযোগ কৰে আইনুদ্দিনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।