09/10/2019 - 15:09
in
গোলাঘাটঃ চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পূজা। ভাদ মাহৰ একাদশীৰ নিশা অনুষ্ঠিত কৰা এই পৱিত্ৰ কৰম পূজাত একপ্ৰকাৰ আনন্দত আত্মহাৰা হৈ পৰে চাহ জনগোষ্ঠীৰ লোকসকল। মাদলৰ তালে তালে সকলো ডেকা-গাভৰুৱে একেলগে ঝুমুৰ নাচি প্ৰেম-ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হয়। স্থানীয় মহিলাসমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে পৱিত্ৰ কৰম পূজা। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কৰম পূজা ভাগ সম্পূর্ণ ৰীতি-নীতিৰে পালন কৰাৰ লগতে ঝুমুৰ নৃত্য কৰি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়।