বিজনীঃ বিজনী মহকুমাৰ অন্তৰ্গত বিষ্ণুপুৰত চিৰাং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত মঙলবাৰে এক বৃহৎ মহা স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয়। জিলাখনৰ ৩৩নং বিজনী বিধান সভা সমষ্টিৰ অধীনস্থ বানপীড়িত এলেকা ১নং বিষ্ণুপুৰত অনুষ্ঠিত হোৱা স্বাস্থ্য শিৱিৰত সোমবাৰে মুঠ ৬১৩ৰোগীৰ স্বাস্থ্য পৰীক্ষণসহ বিনামুলীয়াকৈ ঔষধ বিতৰন কৰে স্বাস্থ্য বিভাগে।
মানাস ছেৰফাং পৰিষদীয় সমষ্টিৰ এম চি এল অতিন হাজং, প্ৰক্তন এম চি এল সুভাজ বসুমতাৰী, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ড° দিজেন্দ্ৰ ৰামচিয়াৰী সহ বৃহ্ৎ অঞ্চলৰ নেতৃত্ব উপস্থিত থাকে। উক্ত স্বাস্থ্য শিৱিৰতে এক স্বাস্থ্য বিষয়ক সজাগতা সভাওঁ অনুষ্ঠিত হয়। ৰোগৰ বিষয়ে প্ৰতিজন লোকৰে ল’ব লগা সাৱধানতা সম্পৰ্কে বিতংভাবে ব্যখ্যা আগবঢ়ায়৷ শিৱিৰত মুঠ ৭জন চিকিৎসকে ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে যক্ষ্মা, মেলেৰীয়া বিভাগে সজাগতামুলক পদক্ষেপ লয় ।