09/10/2019 - 19:11
in

মৰিগাওঁঃ সোমবাৰে মৰিগাওঁ জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত হিন্দু জাপৰি পৰা হাতীমূৰীয়া সংযোগী পথৰ বিগত কেইবাবছৰ ধৰি মেৰামতি সম্পুৰ্ণ নোহোৱা বাবে দুৰাৱস্থা পথৰ যমৰ যাতনা সহ্য কৰিব নোৱাৰি পথছোৱা মেৰামতিৰ দাবী জনাই বৰালিমাৰী শাখা ছাত্ৰ সন্থাই ৰূপায়ণ কৰে এক উত্তাল গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী।
প্ৰায় ২ ঘণ্টা সময় পথ অৱৰোধ কৰি ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী। গড়কাপ্টানী বিভাগ হুচিয়াৰ, অসম চৰকাৰ লেই লেই চেই চেই, অসম চৰকাৰ হাই হাই আদি ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পথ। বৰালিমাৰী শাখা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক চাজিদ আহমেদে কয় যে যদি অতি শীঘ্ৰেই পথছোৱা মেৰামতি নকৰে তেন্তে জংকি আন্দোলন হাতত ল’ব বুলি সঁকিয়াই দিয়ে চৰকাৰক।