ডবকাত শোকাবহ পথ দুৰ্ঘটনাঃ  নিহত এক, আহত তিনি

 04/05/2019 - 20:35

জমিৰ উদ্দিন তালুকদাৰ, ডবকাঃ হোজাই জিলাৰ ডবকাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়৷ পথ দুৰ্ঘটনাত এগৰাকী মহিলা মৃত্যু হোৱাৰ উপৰি আন তিনিজন লোক গুৰুতৰভাৱে আহত হয়৷ প্ৰাপ্ত তথ্য অনুসৰি মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত চামৰআলি গাঁৱৰ পৰা ডবকা অভিমুখে এ এছ ০১ ডি এক্স ২৭৮৩ নম্বৰৰ এল্ট’ গাড়ী এখন আহি আছিল৷

ডবকা ষ্টেটবেংকৰ সমীপত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডবকা চহৰত সোমাবলৈ লওঁতেই একে দিশৰ পৰা আহি থকা এএছ০২ এচি ৮৭৭৮ নম্বৰৰ বালিভৰ্তি টাটা মোবাইল গাড়ী এখনে তীব্ৰ বেগত খুন্দা মাৰে৷ ফলত এল্ট' গাড়ীখনত থকা দুগৰাকী মহিলাসহ চাৰিজন আৰোহী বহু দূৰলৈ চিটিকি যায়৷ পাছত উপস্থিত থকা স্থানীয় ৰাইজে আটাইকেইজনকে উদ্ধাৰ কৰি ডবকা ৩০ খন বিছনাযুক্ত চিকিৎসালয়লৈ লৈ যায়৷

চিকিৎসালয় পোৱাৰ পাছত মমতা বেগম(৩৪) নামৰ মহিলাগৰাকীৰ মৃত্যু হয়৷ দুৰ্ঘটনাটোত ইয়াছমিনা বেগম,  আব্দুল লতিফ, মলাই আহত হয়৷ আটাইকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ অন্তত উন্নত চিকিৎসাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।