মহিলা হকীৰ প্ৰথমখন মেচত ভাৰতে হৰুৱালে মালায়েচিয়াক

 04/05/2019 - 20:56

ডিজিটেল ডেস্কঃ  ভাৰত আৰু মালায়েচিয়াৰ মাজত অনুষ্ঠিত হোৱা মহিলা হকীৰ  পাঁচখন মেচৰ প্ৰথমখন মেচত ভাৰতীয় মহিলা হকীৰ দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰি জয়ী হ'বলৈ সক্ষম হয়।

ভাৰতীয় মহিলা দলটোৱে ৩-০ ত মালায়েচিয়াক পৰাস্ত কৰে। খেলখনত বন্দনায়ে দুই গ’ল আৰু লালৰেমসিয়ামীয়ে এক গ’ল দিয়ে।

খেলৰ প্ৰথম তিনি মিনিট মালায়েচিয়াই সুন্দৰ প্ৰদৰ্শন কৰে যদিও পেনাল্টী হয়। দুয়ো টীমৰ দ্বিতীয়খন মেচ শনিবাৰে অনুষ্ঠিত হ'ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।