নাৰায়ণা ছুপাৰস্পেচিয়েলিটি  চিকিৎসালয়ত অৰ্থ 'পেডিক্স ক্লিনিক

 04/05/2019 - 21:02

গুৱাহাটীঃ গুৱাহাটী আমিনগাঁওস্থিত নাৰায়ণা ছুপাৰস্পেচিয়েলিটি চিকিৎসালয় চৌহদত আজি বিশ্ব স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি অৰ্থ'পেডিক্স ক্লিনিক মুকলি কৰা হয়। ইয়াত ৰোগীসকলক  চিকিৎসকে বিনামূলীয়া পৰামৰ্শ আগবঢ়োৱা হয়।

বিশেষজ্ঞ চিকিৎসক ডাঃ সমৰজিৎ খনিকৰ ডাঃ ডিকী ৰিছাৰ্ড মালাকৰৰ তত্বাৱধানত অসমৰ বিভিন্ন জিলাৰ পৰা অহা ৰোগীসকলক আজি বিনামূলীয়া চিকিৎসা প্ৰদান হয়। নাৰায়ণা ছুপাৰস্পেচিয়েলিটি চিকিৎসালয়ত বিগত বছৰবোৰত অস্থি ৰোগৰ অতি জটিল তথা বিৰল অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হৈছিল।

আজি সংবাদকৰ্মীৰ উপস্থিতিত সফল অস্ত্ৰোপচাৰ পাছত সম্পূৰ্ণ আৰোগ্য লাভ কৰা ৰোগীৰ লগত এক মতবিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰোগীসকলে চিকিৎসক আৰু নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ক উচ্চ মানদণ্ডৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

আজিৰ অনুষ্ঠানত চিকিৎসালয়খনৰ পৰা জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে আৰোগ্য লাভ কৰা সকলো ৰোগীকে সম্বৰ্ধনা জনোৱা হয় লগতে চিকিৎসালয় কৰ্তৃপক্ষই আগলৈও উচ্চ মানদণ্ডৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত সংকল্পবদ্ধ হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।