ৰঙাপৰাত অবৈধ সুৰাৰ বিৰুদ্ধে আৱকাৰী বিভাগৰ অভিযান

 04/05/2019 - 21:21

ৰঙাপৰা: শোণিতপুৰ জিলাৰ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত কেইবা ঠাইত আজি আৱকাৰী বিভাগে স্থানীয় আৰক্ষীৰ সহযোগত অৰুনাচলী সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান চলায় অবৈধ সুৰা নষ্ট কৰে। জানিব পৰা মতে আৱকাৰী পৰিদৰ্শক নোমল চন্দ্ৰ ৰিচং আৰু উপ পৰিদৰ্শক জয়ন্ত চৌধুৰীৰ নেতৃত্বত যোৱা আৱকাৰী আৰু আৰক্ষীৰ দলটিয়ে আজি পুৱা ৬ বজাত অতৰ্কিতে  অভিযান চলাই অবৈধ সুৰাৰ সৈতে জড়িত থকাৰ সন্দেহত তিনিজন অভিযুক্তক আটক কৰে।

লগতে  ১৮০ কেজি লাউপানী প্ৰস্তুত কৰা দৰৱ আৰু অৰুণাচল প্ৰদেশলৈ পঠাবলৈ যুগুত কৰি ৰখা ৩০টা বিলাতী বটলৰ সুৰা নষ্ট কৰে। লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আৱকাৰীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলা পৰিলক্ষিত হৈছে। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।