চকীদাৰঃ এখন পাতলীয়া ৰচনা

 04/06/2019 - 13:14

প্ৰণৱ কুমাৰ বৰ্মনঃ

১.এসময়ত অসমৰ এজন প্রখ্যাত আৰু তুলনামূলক ভাবে ভাল গায়কক সংবাদ মাধ্যম আৰু সাংস্কৃতিক জগতৰ বহুলােকে চকীদাৰ বুলি প্ৰচাৰ কৰি, ঠাট্টা কৰি তেওঁৰ 'কেৰিয়াৰ' শেষ কৰি পেলাইছিল (তেওঁতকৈ বহু বাজে, অশিক্ষিত গায়ক চকীদাৰ নােহােৱা বাবেই সন্মানেৰে চলি আছে!) এতিয়া আমাৰ প্ৰধানমন্ত্রীয়ে নিজক 'চকীদাৰ' বুলি কোৱাৰ পাছত আৰু তেওঁক অনুসৰণ কৰি কেবাকোটি লােকে নিজক চকীদাৰ বুলি ঘােষণা কৰাৰ এই সময়ত আমাৰ প্ৰায় অধুনালুপ্ত গায়কজনৰ স-সন্মানসহ পুনৰুত্থান ঘটিব নেকি? "চকীদাৰ গায়ক" বুলি এসময়ত তেওঁ অপমানিত হৈছিল। এতিয়া "চকীদাৰ গায়ক" বুলি তেওঁ দুগুণ সন্মান পাবনে?

২.অসমত চাগৈ "মােৰ জীৱনৰ লক্ষ্য" ৰচনা লিখােতে কোনেও ভুলতে হ'লেও চকীদাৰ হােৱাটো জীৱনৰ লক্ষ্য বুলি লিখি পােৱা নাই! (এইবাৰৰ পৰা লিখিব নেকি?)। অসমত ধনী দুখীয়া বুলি কথা নাই, মাক বাপেকে সন্তানক ডাক্টৰ আৰু ইঞ্জিনীয়াৰ বনােৱাৰ সপােনতে দীর্ঘকাল কটায়। অসমীয়া ল'ৰা ছােৱালীয়েও এটা সময়লৈকে ডাক্টৰ বা ইঞ্জিনীয়াৰ হােৱাৰ সপােনেৰেই সময় পাৰ কৰে। উচ্চাকাঙ্ক্ষী অসমীয়া অভিভাৱকে নিজৰ ল'ৰা ছােৱালীৰ নামৰ আগত 'চকীদাৰ' লিখা দেখিলে উচ্চ ৰক্তচাপত ভােগাৰ সম্ভাবনাই অধিক!

৩.নৰেন্দ্ৰ মােডী ডাঙৰীয়াই চকীদাৰক মান্যতা দিয়াৰ বহু আগতেই অসমৰ বহু জাতীয় আন্দোলন- প্রিয় সংগঠনে চকীদাৰ পদবীক সন্মান দিছে। যদিও অসমীয়া অভিভাৱক শ্ৰেণীয়ে কোনােদিনে নিজৰ সন্তানক চকীদাৰ বনােৱাৰ কথা ভৱা নাই; বহু দলে কিন্তু ভাবিছে। কাৰণ তেনে বহু আন্দোলন প্রিয় সংগঠনৰ প্ৰধান দাবীয়ে হ'ল-কি ৰেল বিভাগ, অইল, অএনজিসি, বিমান বন্দৰ মুঠতে অসমৰ সীমাত কেন্দ্রীয় চৰকাৰৰ চতুৰ্থ বৰ্গৰ চাকৰিত অসমৰ থলুৱাক এশ শতাংশ মকৰল কৰিব্বই লাগিব! এতিয়া কওঁক মােডীজীয়ে নে অসমৰ কিছুমান সংগঠনে চকীদাৰক প্রথম আৰু বাৰে বাৰে সন্মান দিছে?

৪.অসমৰ ল'ৰা ছােৱালীৰ(চাকৰিৰ ক্ষেত্ৰত) চকীদাৰ হােৱাৰ মানসিকতা আজিও গঢ় লৈ উঠা বুলি ক'ব নােৱাৰি। ইতিহাস অধ্যয়ন কৰিলে এনে লাগে 'চকীদাৰ’ৰ সলনি ছহিদ' শব্দটোৰ প্ৰতিহে অসমীয়া তৰুণ প্রজন্মৰ মােহ বেছি! এতিয়াও যদি অসমৰ তৰুণ প্রজন্মই চকীদাৰ হােৱাৰ কথা ভাবি ছহিদ হােৱাৰ কথাই ভাবি থাকে আমাৰ চকীদাৰৰ চাকৰিবােৰ কিন্তু বহিৰাগতই দখল কৰি পেলাব ভাই!!! বােলাে আপুনি কি কয়???

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।