মিৰ্জাত আৱকাৰী বিভাগৰ অভিযান

 09/13/2019 - 15:02

মিৰ্জাঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা। বিষাক্ত চুলাই মদ সেৱন কৰি ইতিমধ্যে ৰাজ্যত বহু লোক নিহত হোৱা ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি অহাৰ সময়তে আজিও একাংশ কাণ্ডহীন চুলাই মদ ব্যৱসায়ী আৰু চুলাই সেৱনকাৰীয়ে শিক্ষা ল’বলৈ সক্ষম নহয়। আনকি বহু সময়ত জনসাধাৰণৰ বাবে আৱকাৰী বিভাগে এই চুলাই মদৰ পৰা হ’বলগীয়া ৰোগ তথা বিভিন্ন সমস্যাৰ বিষয়ে সজাগতাৰ লগতে কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণ কৰি আহিছে। কিন্তু চৰকাৰৰ এই তৎপৰতাক, সজাগতাক আওকাণ কৰি সমান্তৰালভাৱে আজিপৰ্যন্ত চলি আছে এই চুলাই মদৰ গোপন বেহা।

তাৰেই যেন এক জ্বলন্ত উদাহৰণ হৈ পৰিছে দক্ষিণ কামৰুপৰ বহু গ্ৰামাঞ্চলত। বৃহস্পতিবাৰে গধুলি প্ৰায় ৬.৩০ বজাত মিৰ্জা আৱকাৰী চক্ৰৰ সহপৰিদৰ্শক সতিশ বৰ্মনৰ নেতৃত্বত যোৱা এটি দলে পলাশবাৰীৰ ঝাৰোবড়ীৰ ধনতলাৰ ৰাজেশ কৈৱৰ্ত্তক আটক কৰিবলৈ সক্ষম হয়। সহপৰিদৰ্শক গৰাকীয়ে জানিৱ দিয়া মতে এখন চাইকেলত ঝাৰোবড়ীৰ সমীপৱৰ্তী জ'জীৰ চ'কৰ পৰা দুখন প্লাষ্টিক মোনাত আটকাধীন কৈৱৰ্ত্তই ৬০ লিটাৰ চুলাই বিক্ৰি কৰিবলৈ নিয়াৰ অৱস্থাত একাংশ লোকৰ উপস্থিতিত হাতে-লোটে ধৰিবলৈ সক্ষম হয়।

পিছত অবৈধ চুলাই ব্যৱসায়ীজনক পলাশবাৰী আৰক্ষী থানালৈ আনি ৫৩-১ এ ধাৰাৰ ০৫ ১৯ ত এক গোচৰ ৰুজু কৰি স্বাস্থ্যপৰীক্ষাৰ অন্তত মহামান্য আদালতলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.