বঙাইগাঁওৰ গোলাপাৰাত মাটিৰ বিবাদ

 09/13/2019 - 19:08

মানিকপুৰঃ বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত শুকুৰবাৰে উচ্ছেদ অভিযান চলোৱাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হাসমত আলী নামৰ এজন ব্যক্তিয়ে প্ৰায় ৩০ বছৰ পূৰ্বে ঘৰুৱাভাৱে হাসৰা বিবি নামৰ মহিলাৰ পৰা ১ বিঘা ৮ কঠা মাটি কিনি নিজৰ নামত নামজাৰি নকৰাকৈ ঘৰ বনাই বসবাস কৰি আছিল।

বিক্ৰীৰ কিছুদিন পিছৰে পৰাই দুয়োপক্ষৰ মাজত বিবাদ চলে আৰু হাসৰা বিবিয়ে আদালতত গোচৰ তৰাত গোচৰৰ ভিত্তিত আদালতে ৰায় দিছিল উচ্ছেদৰ। শুকুৰবাৰে দণ্ডাধীশ শ্বাহনোৱাজ ইকবাল আৰু মহকুমা আৰক্ষী বিষয়া ৰুদ্ৰ কলিতাৰ নেতৃত্বত অহা বৃহৎ আৰক্ষী বাহিনী লৈ উচ্ছেদ অভিযান চলায়। স্থানীয় ৰাইজে মাটি বেচা-কিনা হোৱাটো সঁচা বুলি কৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অসহায় পৰিয়ালটো থাকিবলৈ কোনো ঠাই নাই বুলি বহুতে আক্ষেপ প্ৰকাশ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।