লেখক-আৰক্ষী বিষয়া পাৰ্থবিজয় দত্ত আৰু নাই

 02/07/2019 - 14:23

গুৱাহাটীঃ প্ৰতিষ্ঠিত গল্পকাৰ, অসম আৰক্ষীৰ বিষয়া পাৰ্থ বিজয় দত্ত আৰু নাই। বৃহস্পতিবাৰে পুৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে সুদক্ষ আৰক্ষী বিষয়া তথা সু-লেখকগৰাকীয়ে।

বিগত কেবাদিনো ধৰি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল দত্ত। দুৰাৰোগ্য ৰোগত আক্ৰান্ত দত্তৰ বিয়োগত সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে তিতাবৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল দত্ত। কেবাখনো গল্প সংকলনেৰে অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি থৈ যোৱা দত্তৰ শেহতীয়া গল্প সংকলন 'দূৰৈৰ ঘণ্টাধ্বনি’ কিছুদিন পূৰ্বে প্ৰকাশ পাইছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.