আইপিএল আৰম্ভ

 04/06/2019 - 14:08

ডিজিটেল ডেস্কঃ আজি বিয়লি ৪ বজাৰ আইপিএলৰ প্ৰথমখন খেল অনুষ্ঠিত হ'ব চেন্নাই চুপাৰ কিংছ আৰু কিংছ ইলেভেন পঞ্জাৱৰ মাজত আৰু দ্বিতীয়খন খেল অনুষ্ঠিত হ'ব নিশা ৮ বজাৰ পৰা চানৰাইজেচ আৰু মুম্বাই ইণ্ডিয়ানচৰ মাজত।

এই চাৰিওটা টীমে বৰ্তমানলৈ ৪-৪খন মেচ খেলিছে তাৰে তিনিখন মেচত চেন্নাই, পঞ্জাৱ আৰু হাইদৰাবাদ জয়ী হৈছে।

বিয়লি ৪ বজাত চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া মেছখনত পঞ্জাৱে ২০১২ চনত জয়লাভ কৰিছিল যদিও এই ষ্টেডিয়ামত আৰু তেতিয়াৰ পৰা বৰ্তমানলৈকে পঞ্জাৱে দুখনকৈ খেল খেলিছে যদিও দুয়োখন মেচতে পৰাজিত হৈছে। আজিৰ মেচখন পঞ্জাৱৰ বাবে হ'ব এক বৃহৎ প্ৰত্যাহ্বান।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।