কোটি কোটি টকাৰ ঋণগ্ৰস্ত ম’ষ্ট ৱাণ্টেড প্রমোদ জৈন চিবিআইৰ হাতত গ্ৰেপ্তাৰ

 04/06/2019 - 15:20

ডিজিটেল ডেস্কঃ অসম, অৰুণাচল প্রদেশ, উত্তৰ প্রদেশৰ লগতে কেইবাখনো ৰাজ্যত কেইবাটাও বেংকৰ পৰা কোটি কোটি টকাৰ ঋণ লৈ পলায়ন কৰা কুখ্যাত অপৰাধী প্রমোদ জৈনক গুৱাহাটীৰ পৰা যোৱা চি বি আইৰ দুর্নীতি নিবাৰক শাখাৰ এটা দলে লক্ষ্নৌত গ্রেপ্তাৰ কৰিছে।

চি বি আইৰ লিষ্টত থকা ম’ষ্ট ৱাণ্টেড জৈনক লক্ষ্নৌৰ গোমটি নগৰ অঞ্চলৰ পৰা গ্রেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, প্রমোদ জৈনে বেংকৰ পৰা কোটি কোটি টকাৰ ঋণ লৈ ৩২টা ভুৱা কোম্পানী গঠন কৰিছিল৷ এই ৩২টা কোম্পানীৰ নামত দেশৰ বিভিন্ন বেংকৰ পৰা ঋণ লৈ পৰিশোধ নকৰাকৈ পলায়ন কৰিছিল৷

শেহতীয়াকৈ প্রমোদ জৈনে লক্ষ্নৌত আৰম্ভ কৰিছিল অর্গেনিক ইণ্ডিয়া প্রাইভেট লিমিটেড নামৰ এটা প্রতিষ্ঠান৷ ২০০৮ চনত প্রমোদ জৈনে অৰুণাচল প্রদেশৰ ইটানগৰত আৰম্ভ কৰিছিল ৰয়েল মার্কেটিং নামৰ আন এটা প্রতিষ্ঠান৷

প্রমোদ জৈনে ভুৱা ব্যৱসায় কেৱল ভাৰততে কৰা নাছিল, দক্ষিণ আফ্রিকা, চীন, নেপাললৈ সম্প্রসাৰিত কৰি জনতাক প্রতাৰণা কৰিছিল৷ যাৰ ফলত দেশৰ লগতে জৈনৰ বিৰুদ্ধে বিদেশতো ৰুজু হৈছিল গোচৰ৷

সম্প্রতি জৈনক চি বি আইৰ দলে গুৱাহাটীলৈ আনি থকা বুলি জানিব পৰা গৈছে৷ চিবিআইৰ জালত পৰা ম’ষ্ট ৱাণ্টেড প্রমোদ জৈনক কঠোৰতম শাস্তি প্ৰদান কৰাৰ কামনা কৰিছে ভূক্তভোগীসকলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।