চ'নী টিভিৰ ৰিয়েলিটি শ্ব'ত জিলিকিল শিৱসাগৰৰ কণমানি হৰ্ষিত নাথ

 09/14/2019 - 15:17

আমগুৰিঃ চ'নী টিভিৰ দ্বাৰা সম্প্রচাৰিত সংগীতানুষ্ঠান "চুপাৰ ষ্টাৰ চিংগাৰ" ত নিজৰ কন্ঠৰে সকলোকে মুহিছে অসমৰ  কণমানি শিল্পী হৰ্ষিত নাথে। যাদুকৰী কণ্ঠৰ অধিকাৰী হৰ্ষিত নাথে নিজৰ কণ্ঠৰে মুহিছে দেশৰ হাজাৰ হাজাৰজন শ্ৰোতা দর্শকক। টপ ১২ ৰ পৰা অন্তিম টপ ১০ চুপাৰ চিংগাৰ ৰাউণ্ডত প্ৰৱেশ কৰিছে শিৱসাগৰৰ হৰ্ষিত নাথে। মুম্বাইৰ পৰা সুধাকণ্ঠক সোঁৱৰি গীত গুণগুণাই বিচাৰিছে আপোনাৰ আশীৰ্বাদৰ লগতে বিজয়ৰ বাবে বহু মূল্যবান ভোট। হৰ্ষিতৰ লগতে নিজ মাতৃয়েও ভোটৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানলৈ গৈ ভোটৰ আহ্বান কৰে। হৰ্ষিতক বিজয়ী কৰাৰ বাবে এতিয়া আপোনাৰ মৰম, আশীৰ্বাদ আৰু এটা ভোটৰ প্ৰয়োজন।

হৰ্ষিতক প্ৰথম স্থান পাবলৈ এতিয়াৰ পৰা সহায় লাগিব সমগ্ৰ অসমবাসীৰ৷ এতিয়াৰ পৰা প্ৰতিটো ৰাউণ্ডতে ভোটিং আৰম্ভ হ'ব৷ সেয়েহে হৰ্ষিতক ভোট দিবলৈ আপোনাৰ মবাইলত ডাউনলোড কৰক ছোনী লীভ এপ নতুবা www.firstcry.com। এই ৱেবচাইট যোগেদিও আপোনালোকে শিৱসাগৰৰ কণমাণি হৰ্ষিত নাথক ভোট দিব পাৰিব৷

শনিবাৰে আমগুৰিৰ মহাবিদ্যালয়, জাঁজী মহাবিদ্যালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানতো ভোটদানৰ বাবে ব্যাপক প্ৰচাৰ চলায় হৰ্ষিত নাথৰ মাতৃৰ লগতে বিভিন্ন দল-সংগঠনৰ বহু অনুৰাগীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.