ধৰ্ষণমুক্ত ভাৰত গঢ়াৰ উদ্দেশ্যে সংবাদমেল 'চিলড্ৰেন ফাউণ্ডেচন'ৰ

 04/06/2019 - 16:25

গুৱাহাটী: আজি গুৱাহাটী প্ৰেছ ক্লাবত 'গ'ল্ড গ্লো'বেল অৰগ'নাইজেচন ফ'ৰ লাইফ ডেভেলপমেন্ট' আৰু নোবেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থী সংগঠন 'চিলড্ৰেন ফাউণ্ডেচন'ৰ উদ্যোগত এখন সংবাদমেলৰ আয়োজন কৰা হয়।

এই সংবাদমেলত উপস্থিত থকা ফাউণ্ডেচন আশ্ৰমৰ অধ্যাপিকা মনুমতি বৰ্মনে কয় যে, আগন্ত্তক লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰা সকলো প্ৰতিনিধিৰে এখন ধৰ্ষণমুক্ত ভাৰত গঢ়িব বুলি প্ৰতিশ্ৰুতিবদ্ধ কৰাবলৈ এখন কৰ্মশালা আয়োজন কৰা হ'ব

লগতে তেওঁ কয় যে আমি তেওঁলোকক এই কাৰণে প্ৰতিশ্ৰুতিবদ্ধ কৰাব খুজিছো যে নিৰ্বাচত জয়ী হৈ প্ৰতিনিধিসকলৰ আইন সংশোধন কৰিব পৰা ক্ষমতা থাকে। প্ৰতিবছৰে শিশুৰ হৈ মহিলাৰ নিৰপত্তাৰ ক্ষেত্ৰত বহুতো প্ৰতিশ্ৰুতি দিছিল কিন্তু অতবছৰে তাৰ ওপৰত কোনো নিৰাপত্তাৰ ব্যৱস্থা হৈ নুঠিল। নিৰ্বাচনী ইস্তাহাৰত শিশু আৰু মহিলাৰ নিৰাপত্তাৰ বাবে একো অঙ্গীকাৰ দেখা পোৱা ন'গল।

সেয়েহে 'চিলড্ৰেনছ ফাউণ্ডেচন'নে প্ৰত্যেকজন প্ৰাৰ্থীলৈ একোখনকৈ গোহাৰি পত্ৰ প্ৰেৰণ কৰিব য'ত প্ৰতিনিধিজনে ধৰ্ষণমুক্ত ভাৰতবৰ্ষ গঢ়ি তোলাৰ বাবে অঙ্গীকাৰবদ্ধ হৈ স্বাক্ষৰ কৰিব।

আজিৰ সংবাদমেলত উপস্থিত থাকে 'চিলড্ৰেনছ ফাউণ্ডেচন' আশ্ৰমৰ অধ্যাপিকা মনুমতি বৰ্মন, ফাউণ্ডেচনৰ ইনচাৰ্জ ইন্দৰজিৎ ডেকা, প্ৰিভেঞ্চন অফ হিউমেন ত্ৰেফিকিং জোনালী দাস আৰু বচপন বচাওৰ ইনচাৰ্জ জুবিন লালুং।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।