সুশান্তৰ হৈ প্ৰচাৰ চলাবলৈ শিৱসাগৰত তৰুণ গগৈ আৰু প্ৰণৱ গগৈ

 04/06/2019 - 16:35

যোৰহাটঃ সমাগত লোকসভা নিৰ্বাচন। ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰৰ তৎপৰতা এইকেইদিন যথেষ্ট বৃদ্ধি পাইছে।

ইয়াৰ মাজতে ১২ নং যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী সুশান্ত বৰগোঁহাই হৈ নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে শিৱসাগৰৰ জয়সাগৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক প্ৰণৱ গগৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।