বৰক্ষেত্রীত ববিতা শৰ্মাৰ প্ৰচাৰ অভিযান

 04/06/2019 - 17:14

ডিজিটেল ডেস্ক: ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনৰ গৰম বতাহ৷ ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ দিনে নিশাই ৰাজনৈতিক দল সমূহে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ৷

কংগ্ৰেছ দলো পিছ পৰি ৰোৱা নাই নিৰ্বাচনী প্ৰচাৰ অভিযানত৷ বৰক্ষেত্ৰীতো কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত৷ ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ববিতা শৰ্মাই আজি সমষ্টিটোৰ অন্তৰ্গত এসময়ৰ কংগ্ৰছৰ দূৰ্গ বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ আদাবাৰী, লোহাৰকাঠা, মুকালমুৱা, ৰামপুৰ আদিকে ধৰি সমষ্টিটোৰ বিভিন্ন ঠাইত সৰু সৰু সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ কৰ্মীসকলক উৎসাহিত কৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰ চলায়৷

বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত প্ৰাৰ্থীগৰাকীয়ে অংশগ্ৰহণ কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে আৰু লগতে প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোটত জয়লাভ কৰিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, প্ৰাৰ্থীগৰাকীৰ লগত আজি নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দুলু আহমেদকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।