নিৰ্বাচন আয়োগৰ ভোটাৰৰ চূড়ান্ত তথ্য তালিকাঃ ৰাজ্যত সৰ্বমুঠ ২,১৯,৯১,১১২ গৰাকী ভোটাৰ

 04/06/2019 - 17:45

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত মাথো আৰু কেইটিমান দিনহে বাকী। এনে সময়তে নিৰ্বাচন আয়োগে ভোটাৰৰ চূড়ান্ত তথ্য তালিকা প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ সৰ্বমুঠ ২,১৯,৯১,১১২ গৰাকী ভোটাৰে এইবাৰ ভোটদানৰ সুযোগ পাব।

তিনিওটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোট গ্ৰহণৰ মনোনয়ন-পৰ্ব সামৰণি পৰাৰ পাছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যখনৰ মুঠ ভোটাৰৰ ১,১২,৩৫,১২৯ গৰাকী পুৰুষ; ১,০৭,৫৫,৪৯২ গৰাকী মহিলা আৰু ৪৯১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।

চূড়ান্ত তথ্য অনুসৰি, তেজপুৰ লোকসভা সমষ্টিত ১৪,৯৪,৮৭৮ গৰাকী, কলিয়াবৰত ১৭,৩১,৬১০ গৰাকী, যোৰহাটত ১৩,৬০,৩২৮ গৰাকী, ডিব্ৰুগড়ত ১৩,১২,১৯৬ গৰাকী, লখিমপুৰত ১৭,০৪,৪৪৭ গৰাকী, কৰিমগঞ্জত ১৩,৩৮,০০৫ গৰাকী, শিলচৰত ১১,৯১,২৮৯ গৰাকী ভোটাৰ আছে।

সেইদৰে, স্বায়ত্ত শাসিত জিলা (ডিফু)ত ৭,৯৫,০৮৫ গৰাকী, মঙলদৈত ১৭,৯৫,৫২৯ গৰাকী, নগাঁৱত ১৭,৯০,৬৮৪ গৰাকী, ধুবুৰীত ১৮,৫৬,১৬৮ গৰাকী, কোকৰাঝাৰত ১৭,৬৫,৪২৩ গৰাকী, বৰপেটাত ১৬,৭৬,৮৫৪ গৰাকী আৰু গুৱাহাটীত ২১,৭৮,৬১৭ গৰাকী ভোটাৰ আছে।

আয়োগে জানিবলৈ দিয়া মতে, সংক্ষিপ্ত সংশোধনীৰ সময়তকৈ ২,৩০,৫০৮ গৰাকী ভোটাৰ বৃদ্ধি পাইছে। আনহাতে, ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা পূৰ্বৰ দৰে ২৮,১৪৩টাই আছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।