চামগুৰিত গেছ ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, এজন নিহত

 02/07/2019 - 15:24

চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত বৃহস্পতিবাৰে পুৱাই দুৰ্ঘটনাত পতিত হয় গেছ ভৰ্তি এখন টেংকাৰ। এই দুৰ্ঘটনাত থিতাতে নিহত হয় টেংকাৰখনৰ চালক গোপাল শৰ্মা (৫৩)।

পুৱা প্ৰায় ৪:৩০ বজাত বঙাইগাঁৱৰ পৰা গুৱাহাটী হৈ তিনিচুকীয়ালৈ গেছ সৰবৰাহৰ বাবে গৈ থকা এ এছ ২৬ চি ৫১১০ নম্বৰৰ টেংকাৰখনে আমনিৰ আমতলত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা পকী দলঙৰ ৰেলিং ভাঙি দ’ খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ পৰা গেছ নিৰ্গত হোৱাত স্থানীয় লোকসকল শংকিত হৈ পৰে। চামগুৰি আৰক্ষীয়ে খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ সমাগম ঘটা লোকসকলক নিৰ্দিষ্ট দূৰত্বলৈ আঁতৰাই পঠোৱাৰ ব্যৱস্থা কৰে। পৰৱৰ্তী সময়ত বিভাগীয় লোকসকল উপস্থিত হৈ টেংকাৰখন উদ্ধাৰ কৰে।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱা টেংকাৰখনৰ চালকজনৰ ঘৰ পশ্চিমবংগৰ কলকতাত বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.