ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ তত্বাবধানত বৃহৎ গছ পুলি ৰোপণ

 09/17/2019 - 18:28

বটদ্ৰৱাঃ  ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ তত্বাৱধানত সমগ্ৰ দেশতে মঙলবাৰে 'বৃহৎ পৰিসৰত গছ পুলি ৰোপণ' কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। তাৰ লগত সংগতি ৰাখি শিমলুগুৰি স্থিত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত নগাৱঁৰ বৰভেটি গাওঁ পঞ্চায়তৰ মুকলি মঞ্চত গছ পুলি ৰোপণ আৰু বিতৰনৰ কাৰ্য্যসূচী সম্পূৰ্ণ কৰা হয়। পুৱাই বৰভেটি গাওঁ পঞ্চায়ৰ কাৰ্যালয়ৰ পৰা কৃষি বিজ্ঞান কেন্দ্ৰ শিমলুগুৰিলৈ অহা পথৰ দাঁতিত গছ পুলি ৰোপণ কাৰ্য্যসূচীৰ আৰম্ভণি কৰে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ পুটুল চন্দ্ৰ শৰ্মা, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই। নগাঁও জিলাৰ বৰভেটি, ননৈ, বৰকছাৰী গাঁও, মাহৰি আটি, কাছমাৰী, শিমলুগুৰি, চিলঙনী আদি বিভিন্ন প্ৰান্তৰ ২০০ কৃষক ৰাইজৰ মাজত মধুৰিআম, জাম, তিতাচেপা, শিলিখা, বকুল, আম, ভোমোৰা, জলফাই, কঠাল, সুমথিৰা, ৰাধাচূড়া, কৃষ্ণচূড়া, আজাৰ, নাহৰ, শাল আদি বিভিন্ন প্ৰজাতিৰ এহেজাৰ গছ পুলি বিতৰণ কৰা হয়।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই 'জল সংৰক্ষণ, বায়ু সংৰক্ষণ আৰু জৈৱ-বৈচিত্ৰৰ বাবে বিশেষ পৃথিৱী ৰক্ষাৰ বাবে গছ পুলি ৰোপণৰ প্ৰয়োজনৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানটিত কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন পাটৰ বৰদলৈ, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পৰিচালক নয়ন বৰদলৈ, উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, সামূহীক বিজ্ঞান বিশেষজ্ঞা আছফিকা ইছলাম, কৃষি অৰ্থনীতি বিভাগৰ বিশেষজ্ঞা ড০ চিংকি বৰ্মন, ড০ অনিমেশ ডেকা, বিষ্ণু নাৰায়ণ ফুকন, দীপেন নাথাকে প্ৰমুখ্য কৰি পাঁচ শতাধিক কৃষক আৰু ৰাইজ উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.