শিক্ষাগত অৰ্হতা সংশোধন কৰিলে কুইন ওজাই

 04/06/2019 - 18:56

গুৱাহাটীঃ শিক্ষাগত অৰ্হতাক লৈ বিতৰ্কত সোমাই পৰা কুইন ওজাই সংশোধন কৰিছে মনোনয়ন পত্ৰ। ৰাজ্যৰ আটাইতকৈ শিক্ষিত নাগৰিকসকলৰ বাসস্থান গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্ব আগ বঢ়োৱা বিজেপিৰ কুইন ওজাই আজি মনোনয়ন পত্ৰ সংশোধন কৰি নিজৰ শিক্ষাগত অৰ্হতাত এটা সালসলনি কৰে।

প্ৰাৰ্থীগৰাকীয়ে পূৰ্বে সৰ্বোচ্চ শিক্ষাগত অৰ্হতা উচ্চতৰ মাধ্যমিক বুলি দিছিল যদিও বিতৰ্ক আৰু আইনী প্ৰক্ৰিয়া আহি পৰাত সমস্যাত পৰাৰ শংকাত প্ৰাৰ্থীগৰাকীয়ে আজি মনোনয়ন পত্ৰ পৰীক্ষণৰ সময়ত ৰিটাৰ্নিং বিষয়াৰ কাৰ্য্যালয়লৈ গৈ সেয়া আঁতৰ কৰে। সংশোধনৰ জৰিয়তে প্ৰাৰ্থীগৰাকীয়ে মেট্ৰিক পাছ কৰা বুলি উল্লেখ কৰাৰ লগতে “Qualified Bechalor’s Preparatory Programme from Krishna Kanta Handiqui State Open University in the year 2012” বুলি উল্লেখ কৰে।

ওজাই ইয়াৰ পূৰ্বে নিজৰ মনোনয়ন পত্ৰত Higher Secondary from Krishna Kanta Handiqui State Open University in 2011 বুলি উল্লেখ কৰিছিল। হাই প্ৰফাইল গুৱাহাটী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ “উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ” অৰ্হতাক লৈ বিতৰ্কৰ সূত্ৰপাত হৈছিল। তেওঁ শিক্ষাগত অৰ্হতা আহৰণ কৰা শিক্ষানুষ্ঠানটোৱে (কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়) তেওঁলোকৰ কোনো উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম নাই বুলি সংবাদ মাধ্যমত স্পষ্টকৈ কোৱাত ওজাই বিপদৰ গোন্ধ পাই আজি এই ‘সত্য’ৰ পথ লয়।

আনহাতে, বিভিন্ন সংবাদ মাধ্যমত এই বাতৰি প্ৰকাশ হোৱাৰ পিছতে কুইন ওজাই শপতনামাত অসত্য তথ্য দিয়া বুলি চিন্ময় শৰ্মা নামৰ ব্যক্তিয়ে এখন প্ৰতি-শপতনামা (কাউণ্টাৰ এফিডেৱিট) দাখিল কৰিছিল। চিন্ময় শৰ্মা সমষ্টিটোত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব আগ বঢ়োৱা ববিতা শৰ্মাৰ প্ৰস্তাৱক। তেওঁ প্ৰাৰ্থীগৰাকীৰ স্বামীও। ইপিনে সমষ্টিটোৰ আন দুজন নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকা আৰু জোনমণি দেৱী খাউণ্ডেও কুইন ওজাৰ মনোনয়ন পত্ৰৰ তথ্য মিছা বুলি অভিযোগ আনিছিল। দুয়োজনে সংবাদ মাধ্যমৰ আগতো ওজাক তীব্ৰ সমালোচনা কৰিছিল।

এইবোৰ অগ্ৰগতিয়ে বিপদত পেলোৱাৰ শংকা কৰি অৱশেষত আজি মনোনয়ন পত্ৰ পৰীক্ষণ (scrutiny)ৰ সময়ত ৰিটাৰ্নিং বিষয়াৰ সন্মুখত ওজাই নিজৰ মনোনয়ন পত্ৰৰ সংশোধন কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।